মুখ্য পৃষ্ঠা
06/04/2516:30
• এটি নিশাৰ কথাৰে •
সময় ঠিক ১০:৩০ হৈছিল । নিশাৰ আহাৰ গ্ৰহন কৰি "ৰান্ধনী" নামৰ হোটেল খনৰ পৰা নিজৰ ভাড়া ৰুমলৈ আগবাঢ়িলো । ৰাজপথেৰে কিছু দূৰ যোৱাৰ পিছত এটি সৰু গলীৰে ৰুমলৈ যাব লাগে । ৰাজপথেৰে যাওঁতে কেইবাখনো সৰু-সৰু তীব্ৰ বেগী গাড়ি গাৰ কাষেৰেই পাৰ হৈ গ'ল । সেইনিশা এটুপ-দুটুপকৈ এজাক কিনকিনিয়া বৰষুণ আহিছিল ।
ৰাজপথ এৰি কেকুঁৰিটো পাৰ হৈ অহাৰ ক্ষন্তেক পিচতেই বৰষুণ জাক ক্ৰমশ ডাঙৰ হৈ আহিছিল । ৰাজপথৰ পৰা মোৰ ভাড়া ৰুমলৈ প্ৰায় পোন্ধৰ মিনিটৰ বাট । সেয়েই খোজৰ গতি বঢ়াই দিছিলো যদিও বৰষুণ বাবে পিচল হোৱা কেচা ওখোৰা-মোখোৰা পথে যথেষ্ট বাধা দিছিল । বৰষুণ জাক ডাঙৰ পৰা আৰু ডাঙৰ হৈ আহিছিল । যেন কলহৰ মোখেৰে কোনোয়ে ঢ়ালিছিল পানী । আকাশ খন ক'লা হৈ পৰা লগে-লগে সমগ্ৰ পৃথিৱী খনেই যেন আন্ধাৰত ডুব গৈছিল । সৰু গলিটোৰ দুয়ো কাষে সৰু-সৰু জোপোহা গছ । জোনাকী বুৰেও সেইনিশা মোক সংগ দিয়া নাছিল । হয়তো নিজৰ প্ৰাণ লৈ শুই পৰিছিল পাতৰ তলত ।
জয়াল গলীটোত কিছুদুৰ আগুৱাই যোৱাৰ পিছত হৰ্থাৎ মনলৈ আহিছিল সেই ঠাই খনলৈ প্ৰথম আহোতে এজন বুঢ়া মানুহে কোৱা এটি কথা । সেই জয়াল গলীটোৰ নামেই বদনামী গলী । কেইবা বছৰ পুৰ্বে ধাৰাবাহিক ভাবে তিনি জনী ছোৱালীক কোনো দুৰ্বিত্তই হত্যা কৰিছিল । কেতিয়াবা কেতিয়াবা বোলে সেই ছোৱালী তিনিজনীৰ অঘৰী আত্মা বোৰে সেই গলীত বিচৰন কৰে । আৰু আন্ধাৰৰ মাদকতাত ৰাওঁচি জোৰে । সেয়েই এই বিশেষ গলীটোৰ নাম বদনামী গলী ।
কথাবোৰ মনলৈ অহাৰ পিচত নিজকে বহুতো অসহায় বোধ কৰিলো । জয়াল গলী টোত যদি কিবা এটা হয় মোৰ ? চিঞঁৰি থাকিলেও কাৰোৰে পৰা সহাৰি নাপাম । বৰষুণ জাক আহিয়েই আছিল ধাৰাষাৰে । তথাপি মনতে সাহস লৈ আগবাঢ়িলো । ৰুম পাবলৈ আৰু বেছি দুৰ নাছিল , ঠিক সেইসময়তে বিজুলী পোহৰত চকু পৰিল এজনী বগা কাপোৰ পিন্ধা ছোৱালীৰ ওপৰত । মোৰ পৰা কেইবাখোজ মান আতৰত মোৰ আগে- আগে গৈ আছে । পকেটৰ পৰা ম'বাইলটো ওলিয়াই পোহৰাবলৈ চেষ্টা কৰিলো ।কিন্তু বৰষুণে তাতো মোক বাধা দিলে । মনত এক অজান শিহৰণে দুলি গ'ল । মোখেৰে মাতিব বিচাৰিও মুখৰ পৰা যেন কোনো শব্দ ওলাই অহা নাছিল ।
ভয়ে-সংশয়ে আগবাঢ়িলো নিজৰ ৰোমলৈ । মনত ভগৱানৰ প্ৰতিমাক প্ৰতিস্থা কৰিবলৈ চেষ্টা কৰিলো আৰু ভাড়া ঘৰৰ পদুলি পোৱাৰ লগে-লগে নিজৰ কোঠালৈ দৌৰিবলৈ আৰম্ভ কৰিলো । কোঠাৰ ভিতৰত সোমাই কাপোৰ যোৰ সলাই ম'বাইলত মা নম্বৰটো বিচাৰি ফোন লগালো । প্ৰত্যুত্তৰ দিলে এগৰাকি নাৰীয়ে " আপুনি যোগাযোগ কৰিব বিচৰা ব্যক্তি গৰাকী বৰ্তমান সংযোগ সীমাৰ বাহিৰত ।"
হতাশ মনেৰে হাজাৰ প্ৰশ্ন উত্তৰ বিচাৰি বিচনাত পৰি ৰলো বেৰত ওলোমাই থোৱা মৃত প্ৰেয়সীৰ ফটো খন চাই । ফুলৰ মালা ডালৰ তলৰ পৰা হাঁহি-হাঁহি চাই আছিল মোৰ অসহায় অৱস্থাক । এসময়ত নিদ্ৰা দেবীৰ কোলাত নিজকে হেৰুৱাই দিলো । নিশাটিও ক'লা সাপ এটা হৈ পৰি থাকিল ।
____ৰাজু কলিতা
02/04/14